শিৰোনাম - এটা পদ্যৰ দহভাগৰ সহভাগ

 শিৰোনাম -  এটা পদ্যৰ দহভাগৰ সহভাগ


: কোকিল শইকীয়া


পৌৰাণিক জুই একুৰাত বন্দী 

তোমাৰ লোহাৰ হাতোৰা

হুমুনিয়াহৰ নিশ্বাসত জ্বলি উঠে

মইতো দেখাই নাই শিলৰ পাহাৰ কঠিন নদী

আৰু কোমল বাৰিষা


তোমাৰ চকুত দুটা মণিৰ বাদে একো নাই

মোৰ আঙুলিবোৰ যদি সোমাই যায় থিয় থিয়কৈ বোকাৰে লুতুৰি-পুতুৰি হোৱা ভাবনাৰ মাজলৈ

যদি মোৰ আঙুলিত কিল-বিলাই থাকে পৰুৱা

আমৰলি পৰুৱা

তেন্তে তোমাৰ তিতা চুলিত পৰুৱা

তিতা স্তন আৰু নিতম্বত পৰুৱা

তোমাৰ দেহ আমৰলি পৰুৱাৰ বাহ 

পৰুৱা যদি নাই , তেন্তে নাই কেৱল তোমাৰ চকুত

তোমাৰ চকুত দুটা মণিৰ বাদে একো নাই

তোমাৰ চকুত যদি পৰুৱা থাকিলেহেঁতেন


ইমানদিনে ক'ত দাহ কৰি ৰাখিছিলো এই দহন

তুমি সূৰ্য নমস্কাৰ কৰা আৰু 

মই সূৰ্যটোলৈ চাই দেখো যে সূৰ্যই মোলৈ নমস্কাৰ কৰি আছে


নাভাবিবলৈ বাধ্য যে তুমি মোক ভাল পালে ময়ো তোমাক পাম

যিদিনাই দাঁত কামোৰ খাই মুখৰ ছাল ছিগে

সিদিনাই তুমি ভোজলৈ মাতা

টেমছৰ পাৰত বহুৱাই মদ খুৱাই দিলে

তুমি মোৰ পৰা কাৰ কবিতা শুনিবলৈ খুজিবা


যোনীৰ গোন্ধই মোক পাগল কৰে

যোনীৰ গোন্ধই লৈ যায় জ্ঞানহীন আদিম মানুহে

নিশাৰ আকাশত বিজুলী দেখি ভয় খাই দৌৰ মাৰি গুহাত সোমোৱাৰ এটি পাৰস্পৰিক দৃশ্যলৈ

আকাশত বিজুলী দেখি ভয় খোৱা মানুহে এতিয়া পকেটতে লৈ ফুৰে

জুই

জুই মানুহৰ ইচাৰাত নাচে

আজিও মানুহে মৰিবলৈ ভয় কৰে

যোনীৰ বাবে যুদ্ধ কৰে

হাতত ধেনু লৈ মৃগ ছায়া খেদি ফুৰে


জ্ঞানেই মানুহৰ শ্ৰেষ্ঠতম দুখ

দুখ নিবাৰণৰ উপায় জ্ঞান


পৰাজয়ৰ আনন্দত মানুহে এতিয়াও জপিয়াই জপিয়াই নাচে

জয়ৰ বেদনাত এতিয়াও শিলত মূৰ আচাৰি কান্দে

থৰথৰকৈ কঁপি থকা পুৰুষক মূৰ থৈ শুবলৈ এতিয়াও নাৰীয়ে কোলা পাতি দিয়ে

মজিয়াত পৰি থকা নাৰীক তুলি আনি এতিয়াও পুৰুষে কপালত চুমা সানি দিয়ে


এই একান্তই পাৰস্পৰিক বোধ অাৰু বেদনা অাঁতৰি গ'লে 

মোৰ ওচৰত কি থাকি যাব

ফাৰ্মাচীত সুধি সুধি 

গোপন অংগত হোৱা খৰত মলম লগাই লগাই 

নিৰাময় নোহোৱাৰ দৰে এটা পোৰণি 

যাৰ উপভোগৰ বাবে মাথো যিকোনো এটা অাঙুলিৰ নাওমান নখেই যথেষ্ট ।




Post a Comment

0 Comments