যুদ্ধ

 যুদ্ধ

- কোকিল শইকীয়া


যুদ্ধৰে যুদ্ধ শেষ নহয় । পৰাজয় বা বিজয়েৰে সামৰি থোৱা নাযায় অস্ত্ৰ ।

যুদ্ধ এখন চলি থাকে ঘৰে ঘৰে । ভিতৰে ভিতৰে । দেশ আৰু বেশৰ যুদ্ধ ।

 

ক্ষমা কৰিব , চৌৰাল্লিছ সৈনিকে যুদ্ধ দেশৰ বাবে কৰিছিল নে পেটৰ বাবে মই ক'ব নোৱাৰিম ।

ক্ষমা কৰিব , চৌৰাল্লিছজন সৈনিকৰ মৃত্যুৰ বাবে জগৰীয়া শত্ৰুপক্ষ নে আত্মপক্ষ সেয়া মই ক'ব নোৱাৰিম ।

 

আত্মপক্ষৰ কথা :

সিংহাসনে সৈনিক পঠাই যুদ্ধলৈ । সিংহাসনৰ আত্মপক্ষ আৰু সৈনিকৰ আত্মপক্ষৰ অৰ্থ একে নহয় । কিন্তু একেই হয় দুইপক্ষৰ সৈনিকৰ আত্মপক্ষ ।

 

ৰাজনৰ নীতিৰ পৰা মুক্ত নোহোৱালৈকে আমি যুদ্ধ কৰিব লাগিব ।

কাঢ়িব লাগিব সহোদৰৰ প্ৰাণ । সেয়ে যুদ্ধ হওক যুদ্ধৰ বিৰুদ্ধে ।

সেয়ে যুদ্ধ হওক ৰাজনৰ বিৰুদ্ধে ।

 

আমি মৰিয়েইআছোঁ সীমান্তত শত্ৰুক মাৰি মৰিছোঁ । ৰজাই শুনি ভাল নোপোৱা গান গাই মৰিছোঁ ।

ভাত বিচাৰি মৰিছোঁ । আন এখন দেশৰ লগত যুদ্ধ নকৰাকৈয়ে জয়ী হ'ব নোৱাৰেনে দেশ ?

আন এটা ধৰ্মৰ লগত যুদ্ধ নকৰাকৈয়ে জয়ী হ'ব নোৱাৰেনে ধৰ্ম ?

 

আমি নিজৰ লগত কৰিবলগীয়া যুদ্ধখনৰ কথা নাভাবো । ৰজাই ভোকাতুৰ সকলৰ ভোক নিৰ্মূল আৰু দেশৰ ভিতৰতে শোষিত সকলৰ মুক্তিৰ বাবে কৰিবলগীয়া যুদ্ধখনৰ কথা নাভাবে । আনৰ লগত যুদ্ধ কৰি লুকুৱাব খোজো মোৰ দেশৰ ভিতৰৰে অনেক যুদ্ধ ।

 

যুদ্ধ আমিও বিচাৰোঁ । শাসকৰ বাবে নহয় । মানুহৰ বাবে ।

হয় যদি ৰক্তপাত হওক , কোনো কথা নাই কিন্তু যুদ্ধখন হওক বিপৰীত দুটি পক্ষৰ মাজত । শোষক আৰু শোষিতৰ মাজত । দুখন দেশৰ দুজন সৈনিকৰ মাজত একো পাৰ্থক্য নাই । দুখন দেশৰ দুজন ৰজাৰ মাজত একো পাৰ্থক্য নাই । পাৰ্থক্য থাকে একেখন দেশৰ ৰজা আৰু সৈনিকৰ মাজত ।

 


Post a Comment

0 Comments