উই দ্য পিপল অব্ নৰ্থ-ইষ্ট
ঃ কোকিল শইকীয়া
আহাঁ এনকাউন্টাৰ, খেলোঁ ধূলি-বালি এৰি
ঘৰা-ঘৰি গুচি যাওঁ
অ’ নিমাতী
নিমাতী অ’ নিমাতী
লুইতে লৈ
গ’ল সেউতীৰ সপোনৰ ডবুৱা কটাৰী
ছাগলীজনীৰ এৰালৰ খুঁটি গছকি পুতি
চুৱা-নিকা-নাৰী
ত্ৰিবৰ্ণ পতাকা । ব্ৰঞ্জৰ লাভলীনা
অলিম্পিক তুলি
মিজোৰাম
অসম সীমা-সীমা খেলি
অৱৰোধ, গামোচা উৰুৱাই মিজোৰাম ভৱন
বীৰ জাতীয়তাবাদী জয় জয়কাৰ
বীৰ্য আৰু বাৰুদৰ গোন্ধলগা কাপোৰ খুলি উলংগ মণিপুৰী
তেজলগা মাটি দাঙি মীৰাবাই চানু
মেইনলেণ্ড পিন্ধি লোৱা গৌৰৱ
আমি আনি দিম
পুলিচ আহিব হেনো,
মিলিটিৰী আহিব হেনো
ল’ক ডাউন কাৰ্ফিউ টিকাকৰণ। পুস্প বৰ্ষণ। শূন্য কাঁহী-বাতি বাজি
অ’ বন্ধন বেংক
চাল্লা বিদূৰভাই,
আমাৰ সৰল বানানত যুক্তাক্ষৰ কৰি
আমাৰ বানানত ভুল ধৰি
কৰঙনত বিষৰ গাঙথি তুলি
- ‘‘ গোপাল মই
হাত ধুই আছিলোঁ আৰু তই
ওলমি দিলি”
আলিয়ে-গালিয়ে পাঁচজাই
গুলী। খেলপথাৰ ৰায়-জায়
কা কা
আগলি পাতত কাউৰী পৰিল
বগৰী বুটলি নতুন স্বপ্ন
সেনাৰ ভুল হৈ
যায় আমাৰ গাঁৱতেহে
মেইনলেণ্ড, আহা হৰ্ণবিলত নাগিনী চাওঁ
ধনেশ পাখি পিন্ধি উৰি মন
কী বাত
ইউটিউবাৰৰ জুকুভেলী নাগাভূমি শান্তিভূমি
তোমালোকৰ দোষ নাই , তোমালোকে তেজ চাব নোৱাৰা।
এতিয়া জুই ।
পতান নোখোৱা হাঁহক কণা ক’ৰা পৰ্ব।
এয়া সোণৰ কণী। ইশ্বৰ-আল্লা হৈ-হাল্লা।
সাঁজৰ কাপোৰ সাঁজতেই থাকিল।
এতিয়া জুই।
আঘোণৰ সোণোৱালী শালি। জুই-ধেমালী।
শান্তি-সম্প্ৰসাৰণ
আলোচনাচক্ৰ অব্যাহত… ৰচকী!

0 Comments