পাট বুঢ়ী
কোকিল শইকীয়া
পানীৰো আছিল দুখুটালি ঘৰ
নিজাকৈ এটি হেমন্তৰ ভৰ দুপৰ
তৰাৰ বুটাম লগাই দিবলৈ ভাল পায় তাই মোৰ শুকুলা চোলাত
তাই মোৰ বাবে অপেক্ষা কৰি ভাল পায় সন্ধিয়া আৰু
টিভিত নিউজ চেনেল লগাই লয়
বাতৰি পঢ়া যুৱকজনৰ সৈতে তাই কথা পাতে
মনে মনে প্ৰেম হয়
আৰু কিবা কথাত খং উঠিলেই ৰিমোৰ্ট টিপি সলাই দিয়ে চেনেল
তেনেতেই টিভিত উলায় শাহু-বোৱাৰীৰ চিৰিয়েল
সি কেৱল পঢ়ে বাতৰি
বাতৰিৰ বিশ্লেষণ সকলোৰে বাবে থাকে মুকলি
চিৰিয়েলৰ দৰেই জীৱনটো চলি থাকে
যেতিয়া ঘটনাই দাবী কৰে - চিনেমাৰ ক্লাইমেক্স
তেতিয়াই তাই খিৰিকীখন খুলি দিয়ে
চিগাৰেট জ্বলাই বতাহ অপেক্ষা কৰে
তাইৰ দ্বিধা আৰু অজ্ঞানতাৰে ভৰা গভীৰ তাপিত চেহেৰাক
কোবাই যাব খোজে বতাহে
তাই খিৰিকী জপাই
অপেক্ষা কৰে কলিংবেলৰ
বাৰিষা নিজৰ নাছিল পানীৰ
খৰাঙো নাছিল নিজৰ
মাথো পানীৰ আছিল নিজাকৈ দুখুটালি ঘৰ
বৰষুণ আছিলনে পানীৰ নিজৰ ?
তাইৰ প্ৰেম হয় প্ৰেম হয়
তাই পাট বুঢ়ী হয়
জনাই বুজাই কয় - প্ৰেমহে প্ৰতাৰক প্ৰেমিকতো নহয়
তাইৰ দুখুটালি ঘৰ কি হয়
তাইৰ দুখুটালি কেই খুটালি হয়
হেমন্তৰ দুপৰটোৰ পাৰৰ ৰুণত উচুপি ৰয়


0 Comments