কেইটামান কবিতা

 কালচেতনাৰ আৱহ কবিতা

 

সংগীতজ্ঞ কিয় কন্দুৱাই আছা বেহেলাখনক
এটা ভয়ংকৰ কথা হৈছে
চৰাইবোৰে জাকে জাকে আত্মহত্যা কৰিছে

 

নিচলা পাহাৰবোৰৰ কোনো গৰাকী নাই
গভীৰ গুহাবোৰত এন্ধাৰ নাই
সোঁতত উটি যায় এখন ছবি এখন গাঁও

 

পাহাৰৰ কুলুকুলু নিজৰাৰ শব্দৰ সলনি আহিছে
কেঁচুৱাৰ কান্দোন

 

ক্ষত বিক্ষত অৱশ্যেই
আমাৰ পাৰ্থিৱ ভালপোৱা, অপৰিকল্পিত সপোন আৰু মাটিৰ মস্তক
আমি সাজি লোৱা শালীনতাৰ দালান
পাৰ চৰাইৰ বাঁহ

 

ক্ষত বিক্ষত অৱশ্যেই কজলা সময়ত চাকি জ্বলাই আমি
পঢ়িবলৈ সাঁচি ৰখা মন্ত্ৰপুথিবোৰ
ঠিক সময় কজলা হোৱাৰ বহু আগেয়েই


 

মোৰ মগজ ফুটি ওলাই আহিব খোজে
জাক জাক যুদ্ধ জিকি উভটি অহা সৈনিক
ভৰি দুখনে তীব্ৰ বেগেৰে মোক থৈ আহিব খোজে
শতিকাৰ সিপিনে থকা এখন ফচিল গাঁৱত

 

এই অমেয় জল মোৰ স্পৰ্শ কৰিবলৈ মন যায়- অথচ নোৱাৰো
এই ৰমণীয় সেউজীয়া মোৰ চাবলৈ মন যায়- অথচ নেদেখোঁ

 

এই পৃথিৱীৰ মাজতে মোক মুক্তি লাগে
মুক্তি লাগে ফেঁচাৰ উৰুলীবোৰৰ পৰা, সুমধুৰ বতাহৰ পাতসিয়া গীতবোৰৰ পৰা
মোক মুক্তি লাগে এন্ধাৰ আৰু পোহৰৰ পৰা
বিস্মৃতিকামী সকলো আৰ্তনাদৰ পৰা মোক মুক্তি লাগে
মোৰ পৰা

 

আমি এক অস্বাস্থ্যকৰ পৰিৱেশত বাস কৰো
নিলাজী কেঁচাবন চুলে জই নপৰা পৰিৱেশত বাস কৰোঁ
আৰু মানুহবোৰে কি আচৰিত ধৰণে শালিনতা শিকিছে !

 

সংগীতজ্ঞ বজোৱা বজোৱা, ধ্ৰুপদ বজোৱা
সময়ে বিধ্বস্ত কৰে কবিতা
সিও এক কবিতা     নক্সালিয়া কিম্বা ছোমালীয়া


- 

Post a Comment

0 Comments