পোনপ্ৰথমবাৰৰ বাবে হিন্দী সাহিত্যই লাভ কৰিছে ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ। নবেল বঁটাৰ পিছতেই সাহিত্যৰ ক্ষেত্ৰত স্থান দিয়া হয় ইণ্টাৰনেশ্যলেন বুকাৰ প্ৰাইজক ।
ইয়াৰ আগতে বিভিন্ন ভাৰতীয় সাহিত্যিক ইণ্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ লাভ কৰিছে যদিও সেই সমূহ গ্ৰন্থ লিখা হৈছিল ইংৰাজী ভাষাত। কিন্তু এইবাৰ ভাৰতীয় সাহিত্যিক এই বঁটা লাভ কৰিছে তেখেতৰ হিন্দী ভাষাৰ উপন্যাস খনৰ ইংৰাজী অনুবাদৰ বাবে।
সাম্প্ৰতিক ভাৰতীয় হিন্দী সাহিত্যৰ এগৰাকী উল্লেখযোগ্য সাহিত্যিক গীতাঞ্জলী শ্ৰীয়ে তেখেতৰ মূল হিন্দী গ্ৰন্থ – ৰেড সমাধিৰ ইংৰাজী অনুবাদ Tomb of Sand এ লাভ কৰিছে ২০২২ বৰ্ষৰ ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজ। এই গ্ৰন্থৰ ইংৰাজী অণুবাদ কৰিছে বিখ্যাত অনুবাদক ডেইজী ৰকৱেলে।
এই বঁটা লাভ কৰাৰ পিছত গীতাঞ্জলী শ্ৰীয়ে মত প্ৰকাশ কৰিছে যে তেওঁ ইণ্টাৰনেশ্যল বুকাৰ এৱাৰ্ডৰ স্বপ্ন কাহানিও দেখা নাছিল। অৱশ্যে এই বঁটা লাভৰ পিছত লেখিকা গৰাকীয়ে আনন্দ অনুভৱ কৰিছে ।
এই বঁটাত লেখকক ৫০ হাজাৰ পাউণ্ড প্ৰদান কৰা হব। এই পঞ্চাচ হাজাৰ পাউণ্ড সমানে ভাগ হব লেখিকা গীতাঞ্জলী আৰু অনুবাদক ডেইজীৰ মাজত।
ৰেড সমাধি উপন্যাস খন উত্তৰ ভাৰতৰ এগৰাকী ৮০ বছৰীয়া মহিলাৰ জীৱনৰ আধাৰত ৰচনা কৰা হৈছে। উত্তৰ ভাৰতৰ এগৰাকী ৮০ বছৰীয়া মহিলাই নিজৰ স্বামীৰ মৃত্যুৰ পিছত নিসংগতা অনুভৱ কৰে আৰু এক নতুন জীৱনৰ আৰম্ভণী কৰে।
গীতাঞ্জলীয়ে ১৯৫৭ চনত উত্তৰ প্ৰদেশৰ মেইনপুৰি নামৰ ঠাইত জন্ম গ্ৰহণ কৰে। গীতাঞ্জলী শ্ৰীৰ সাহিত্যিক জীৱনৰ আৰম্ভণী ঘটে ১৯৮৭ চনত বেল পত্ৰ নামৰ এটি চুটি গল্পৰ দ্বাৰা। ইয়াৰ পিছতেই তেওঁ ৰচনা কৰে মাই নামৰ এখন হিন্দী উপন্যাস। এই উপন্যাস খন বিশ্বৰ বিভিন্ন ভাষালৈ অনুদিত হয়। নীতা কুমাৰে মাইৰ ইংৰাজী অনুবাদৰ বাবে সাহিত্য অকাডেমীৰ অনুবাদ বঁটাও লাভ কৰে।
নব্বৈ দশৰ উত্তৰ ভাৰতত হোৱা বিভিন্ন বিক্ষিপ্ত সাম্প্ৰদায়িক সংৰ্ঘষৰ সম্পৰ্কে গীতাঞ্জলী শ্ৰীয়ে উপন্যাস ৰচনা কৰি সমাজত এক প্ৰভাৱ সঞ্চালন কৰে। বাবৰি মছজিদক লৈ হোৱা সাম্প্ৰদায়িক ঘটনাক লৈ তেঁও ৰচনা কৰে Hamara Shahar Us Baras নামৰ বিখ্যাত উপন্যাস খন। তেওঁ খালী জাগাহ নামৰ উপন্যাস খন ইংৰা্জী অনুবাদ কৰে বিখ্যাত লেখিকা নিবেদিতা মেননে। লেচবিয়ানৰ সম্পৰ্কেও তেওঁ কেইবাখনো গুৰুত্বপূৰ্ণ উপন্যাস ৰচনা কৰে।
ইন্টাৰনেশ্যনেল বুকাৰ প্ৰাইজৰ আগতেও গীতাঞ্জলী শ্ৰীয়ে ভালেকেইটা গুৰুত্বপূৰ্ণ সন্মান লাভ কৰে। ইয়াত ভিতৰত ইণ্দু শৰ্মা কথা সন্মান উল্লেখযোগ্য।


0 Comments