কালি গোটেই নিশা তোমাৰ কবিতা পঢ়িলোঁ
বৰলে মোৰ পুঁজ খালে
মাখিয়ে মোৰ মিথৈ
আৰু মই খালোঁ স্বমেহনৰ পিছৰখিনিত পৰি ৰোৱা শূন্যতাৰ এন্ধাৰ
কিছু স্মৃতিময় গোন্ধ
তুমি নাজানিছিলা বসন্তৰ প্ৰিয় কি
তুমি নাজানিছিলা মোৰ নিচাৰ নিঃসাৰ অৱসৰ
সমস্ত গহীন কথাৰে মই কিদৰে নিচুকাই ৰাখিছিলো শতিকাৰ শ্ৰেষ্ঠ কৌতুকটো
কিদৰে তেল টেঙা সানি কৰদৈৰ ছাঁত ৰৈ গৈছিল সেই ৰ'দ
বসন্তক মই কিমান ভেটি দিছিলোঁ
অকলে আহিবলৈ
তুমি নাজানিছিলা
কিমান কাতৰ প্ৰাৰ্থনাৰ অন্তত পাৰৰ ৰুণত মোক এৰি গৈছিল দুপৰৰ হেমন্তই
তুমি নাজানিছিলা
যোৱাৰাতি তোমাৰ কবিতা পঢ়িলোঁ
সমদলৰ শেষত ৰৈ মই ভাবিছিলোঁ যি
টোপনিত তিল তিলকৈ মৰি মই জীয়াইছিলো যি
সেই জীৱন যোৱাৰাতি
তোমাৰ কবিতাই লিখিছিল


0 Comments