অসুৰ/ কোকিল শইকীয়া

 অসুৰ



ভীৰু দেৱতা মোৰ পূজনীয় নহয় 

অসুৰক মোৰ নমন 


অসুৰ প্ৰেমিক, অসুৰ কোমল

অসুৰৰ আছে এখনি হিয়া

পিছফালৰ পৰা ছুৰী মৰা অভ্যাস নাই অসুৰৰ দেৱতাৰ দৰে

দেৱতাৰ শংকাত কোনোদিন শংকিত হোৱা নাই অসুৰ

বিষ্ণুৰ চৰণত পৰি কোনোদিন প্ৰাণ ৰক্ষা কৰা নাই অসুৰে দেৱতাৰ দৰে

অসুৰে যুদ্ধ কৰে নিজ বাহুবলে

কোনোদিন অসুৰ পলাই ফুৰা নাই মৃত্যুভীতিত

তল মূৰ কৰি জীয়াই থকাৰ অভ্যাস নাই অসুৰৰ দেৱতাৰ দৰে ।


দেৱতা অমৰ কিন্তু অসুৰ বীৰ ।

অসুৰ প্ৰতাৰক নহয়, অসুৰ প্ৰেমিক

যি বাৰম্বাৰ দি আহিছে প্ৰেমৰ নামত প্ৰাণ ।

অসুৰে হৃদয়ত বেদীত প্ৰতিষ্ঠা কৰিছে দেৱীক ; দেৱতাই কৰা নাই ।


অসুৰৰ ৰাজসভাত নৰ্তকী নাই ; নৰ্তকী আছে দেৱতাৰ ৰাজসভাত ।

ভীৰু দেৱতা, মিথ্যাচাৰী দেৱতা , দাম্ভিক দেৱতা

তোমালোক মোৰ পূজনীয় নহয়

নাৰী তোমালোকৰ বাবে ভোগৰ সামগ্ৰী

তোমালোক প্ৰেমিক নহয়

অসুৰক মোৰ নমন 

অসুৰক মোৰ নমন ।


আৰু হে দেৱী, অসুৰক অসুৰ বুলি প্ৰতাৰণা কৰাৰ ফল তোমালোকে  ভুগিবা

লাঞ্ছিতা হৈ ৰ'বা দেৱতাৰ সভাত

Post a Comment

0 Comments