মদন / কোকিল শইকীয়া

মদন নতজানু নহ'ল। বতাহ আহি পোৱাৰ আগেয়েই মদন উৰি গ'ল

কুখ্যাত ভাবনাৰ পৰা বান আহি পোৱাৰ আগেয়েই
মদন পানীৰে লীন হৈ গ'ল
ৰ'দ আহি পোৱাৰ আগেয়েই
মদন মোৰ বিচনাত
পত্নী তেতিয়া ধুনীয়া
তন্দ্ৰালসা..
মদন নিস্পৃহ। পূজাৰ সময়। গোসানী উটুৱাৰ দিনা।
বান আহিছিল
পিছলাৰ ফালে। খং আৰু বেদনা
সামৰি মদন
আহিছিল ঘৰলৈ।


পুতেক এটা আছিল মদনৰ। চহৰত। পূজাৰ বাম্পাৰ অফাৰ। তিনিমহলীয়া বিল্ডিঙত বিকি আছিল শাৰী।
বান যে আহি আছিল। পুখুৰীৰ পুনি যে আছিল। পিছলাৰ ফালে যে এন্ধাৰ হৈ
আহিছিল পোহৰ বিলোৱা ৰাতি।
মদনত মদ আৰু দন দুয়োটাই আছিল
ম-দ-ন
.
.
.
হাতত দা লৈ খেদে মোক গোটেই সতীয়ৰা পথাৰ
কলিমনৰ ঘৰৰ পাছফালৰ কথা। খং আৰু বেদনা সামৰি ঘৰলৈ আহি থকাৰ সময়ত মদন
পানীৰ লগত লীন হৈ গৈছিল..
কাচি তেলৰ পোহৰ
পানীৰ শব্দ
মাইকীৰ মাহেকীয়া নিশা
মদন
আৰু
কামিনী কাঞ্চনৰ তলত গোন্ধাই আছিল মহিসাসুৰৰ কাষলতি তল
মদনে কৈছিল
- কলিমন লৈ আহ ডুবিম
আৰু অলপমান এন্ধাৰ-
সুলভ মূল্যত....

Post a Comment

0 Comments