জহন্নাম
এখন প্ৰাচীন ভাপ জাহাজৰ লঙ্গৰত আমাৰ কলংক । পালত বতাহৰ ঢালত ঢলে আমাৰ স্বপ্নদোষ ।
মোৰ জন্মৰ আগৰে পৰা মই তপস্যা কৰি থকা সেই অৱহেলিত আবেলিটো এইটোৱেই আছিল । এইটোৱেই আছিল আমাৰ অৱগাহনৰ বৰণহীন বন্দৰ ।
ভোক লাগিছে নেকি পানী কেঁচুৱাটোৰ ? দাঁত গজা নাই । দাঁত গজিলেই গজ । পাখি গজিলেই বন্দীত্ব ।
বাঢ়নি বাৰিষা পাৰ হৈ সৌখন মৰুভূমি
আৰু নদন বদন নিগনি
গছৰ পাতবোৰ সৰাই দিয়াৰ পাছত
চিগি পৰিল মানুহৰ কাণবোৰ
কাণহীন মানুহবোৰে আকাশলৈ চাই চিঞৰি
আছে ।
0 Comments