কবিতা
ইমান জন্ম যন্ত্ৰণাৰ পাছত
এতিয়া এই আঙুলিবোৰত মৃত্যু কাতৰতাৰ কঁপনি
সময়ৰ সোঁৱৰণীয়ে দি যোৱা প্ৰতিটো চুমাতেই বিষ
সপোনত ভিক্ষাৰীৰ সমদল,
ভগা ভগা নিদ্ৰা
এন্ধাৰৰ আঁচোৰ
এই আঙুলিৰ পানী জ্বালাৰ পোৰণিতে
পৃথিৱীৰ সমস্ত ভোকাতুৰ শিশুবোৰৰ ভোক
ময়েই শতিকাৰ আটাইতকৈ
দুৰ্বল আৰু হতভগীয়াজন
সকলো মানুহৰ ভিতৰত নুমাই থকা নিসংগ মানুহজন
সাৰ পাই চৰাইটোৱে পোহৰ দেখা
বিপন্ন সময়ৰ সমাগম
যুদ্ধৰ জাগৰণ
অচল অমৰ মৃতকসকল
আৰু মাটিত পোত খোৱা আপোনাৰ ভৰি দুখন
ময়েই এই সকলো কথাৰ ৰূপকাত্মক চিত্ৰাংকণ
মোৰ লেলাউটিৰ বিষত জৰ্জৰিত মাটি
কিয় এই বিষ
আহক,
আমি উদ্ভাৱন কৰোঁ
সদ্যোজাত মৃতকৰ লাওখোলাত গাহৰিৰ দাঁত
0 Comments