ঘোঁৰা / ২
এদিন কৈছিলোঁ হ’বপায়
ঘোঁৰা এটাৰ কথা
এখন জৰাজীৰ্ণ পৃথিৱীৰ পৰা
আপোনাৰ টোপনিৰ ফেঁচকুৰি গুচাবলৈয়ে
সি ওলাই আহিছিল
যি প্ৰভুত্ব স্বীকাৰৰ বাবে জোনৰ
তলেদি
নাদত নামিলে
ডুবিলে গভীৰ ৰাতিত
সি আছিল দুপৰীয়া তৰাপতীয়া
ৰ’দ
ৰাতিৰ কলা-মলা শবদ
নেদেখা দূৰত্বৰ পৰাই শুনা পোৱা খোজ
আৰু উকা মনত উপস্থিতিৰ অনুভৱ
নাদৰ তলত মাটি আছিল
মাটিৰ তলত শিল
শিলৰ তলত নাদ
আপোনাৰ চকুপানী
নাদৰ পাৰত হাত মেলি মেলি
ফুলি আছে ভাটমৌ জলমৌ
আপুনি আবেগিক, সৰল,
সুন্দৰ
কিন্তু কি ক’ম কওক
সি যে চিৰন্তন, সত্য, দূৰন্ত,
বিস্তৰ, দ্ৰুতিময়, যাযাবৰ
বুটমাহ বুলি পূজাৰ প্ৰসাদ খাই
প্ৰতিখন দেশৰ সীমাত
বিষ্ঠা ত্যাগ কৰি
পৃথিৱীখন এপাক পৰিভ্ৰমণ কৰি
ভাগৰে-জুগৰে উদ্যমেৰে
নাদত নামিলেহি ...
সৃষ্টিৰ অনন্ত জিজ্ঞাসাৰ পৰা
ধ্বংসৰ অনন্ত চকুপানীলৈ
বৈ থকা এটা নাদৰ বাবেই অশ্ব আবাহন
এহালি চকু চকুত পোহৰ
0 Comments