আম্বানী / কোকিল শইকীয়া

 আম্বানী

খোৱাৰ পিছত হাঁহৰ কণাটোৱেও পতান বুলি গ'ম পায়
পালে ভকতেও চুৱে অশুচি গা
আম্বানীয়ে ৰাতিপুৱা শুই উঠি বিলাহী খেতিত সাৰ দিয়ে
একেৰাতিতে ফুলায় বন্ধা কবি
ঘৰে ঘৰে যায়
ঘাঁম মাটিত পেলোৱা খেতিয়কক পাৰফিউম বেছে
বিনিময়ত দিয়ে দুটা ঘটি দুখন থাল
আজি আম্বানীৰ বিয়া
তাকে লৈ ব্যস্ত গোটেই দেশৰ বজাৰ
ক'ত কিনিব জোৰোণ
ক'ত কিনিব যৌতুক
এম্বুলেন্সত উঠি আহে ভি আই পি অতিথি
পুৱা মদৰ নিচা নাফাটোতেই আম্বানীয়ে পুতেকক
গালি পাৰে - জহৰা....
পুতেকে এখন চৰাইখানা খোলে। চা এইচব জন্তু জানোৱাৰ। তোৰ দৰেই চা চা। বিধে বিধে আনিছোঁ।
বোলে পিতাই- চোৰেনে চোৰলৈ কেলেই ভয় কৰে?
মাষ্টৰ আম্বানীৰ চকু মুখ কলা হয়। গাঁৱৰ গোপীনীয়ে বদনাম ৰটে। আম্বানীয়ে ভয়তে বাজলৈ নোলায়। সা এৰা দিয়ে
নিৰ্বিষ নিস্তেজ ৰ'দত পুৱাৰ তন্দ্ৰালগা পথাৰ
আলস্য ধান। উঠ। বোপা উঠ, আম্বানী আহিছে। আমাৰ অম্বানী। চৰণ পখাল। চেলেং চাদৰেৰে আদৰ। দুটা হাতী দুটা ঘটি দুখনি শৰাই লৈ ৰৈ থাক পূবফালে। পশ্চিমৰ পৰা অহা আম্বানীয়ে উত্তৰেদি ঘূৰি তোৰ পাকঘৰত সোমাব। যতনাই দিবি লাঙি জালৰ মাছ। যতনাই দিবি শিঙি আৰু শাল।
কালি আহিছিল আম্বানী, নামঘৰৰ লাইখুটাত আওজি ভকতক বুজাই আছিল - শিঙিক বিন্ধে শালে
আৰু গা চুৱা ভকতে পাছফালৰ জপনাত আঁৰি দিয়ে- প্ৰৱেশ নিষেধৰ অনুজ্ঞাপত্ৰ। উত্তৰ দুৱাৰেদি সি আহে। দদায়েকক খেদি সি আম্বনীক মাতে।
Painted by William Holbrook Beard


Post a Comment

0 Comments