উচ্ছেদ
(ভোগালীৰ কবিতা)
মই ঘৰত নাছিলোঁ
কামলৈ গৈছিলোঁ
মানুহজনী আছিল
ছমহীয়া সন্তান আছিল
সন্ধিয়া আহি দেখো মোৰ ঘৰখন নাই
আচলতে মোৰ কোনো ঘৰ নাই
মোৰ কোনো দেশ নাই
মোৰ নাই ৰজা
ধুমুহাই গৰজা জীৱন এটাকে বমিয়াই দিও
আকৌ
খাওঁ বমিয়াই দিওঁ আকৌ খাওঁ
খাওঁ বমিয়াই দিওঁ আকৌ খাওঁ
নিৰ্দিষ্টকৈ কোনোদিনে মোৰ এটা মাত নাছিল বাট নাছিল জাত নাছিল
নিৰ্দিষ্টকৈ নাছিল অধিকাৰ
নিৰ্দিষ্টকৈ আছিল মোৰ
সমস্ত ঘৃণা কাজলি পাতি লব পৰাকৈ দুখন হাত
হাতত আঙুলি
আৰু ৰং লগাব পৰাকৈ আঙুলিবোৰৰ মাজত এটা নখ
0 Comments