ৰুটি
গোলাকাৰ এখন ৰুটিয়েই যিসকলৰ পৃথিৱী আৰু পৰিধি
গোলাকাৰ ৰুটিখনক কেন্দ্ৰ কৰিয়েই যিসকলৰ পৰিভ্ৰমণ
ৰুটিয়েই যাৰ জীৱনবৃত্ত
তেওঁলোকক তোমালোকে চেপি চেপি চেপেটা ৰুটি কৰিছা
ৰুটি খাদ্যও নহয়
চেপা খাই খাই চেপেটা লাগি বহল হোৱা পৰিসীমিত জীৱন
যাৰ স্বপ্ন আৰু ব্যাপ্তি ৰুটিটোতকৈ অধিক সম্ভৱ নহয়
ৰুটিত লাগি থাকে তেওঁৰ ছোৱালীজনীৰ প্ৰথম ৰজস্বলাৰ তেজ
ৰুটিৰে তেওঁৰ মানুহজনীৰ বুকুখন ঢাকে
ৰুটিৰে তেওঁৰ ল'ৰাটোৱে চিলেথ মচে
ৰুটিত সৰু ফুটা এটা কৰি তেওঁ জুমি চায় ঈশ্বৰক
ৰুটি এটা প্ৰাপ্তবয়স্ক ঘৃণনীয় কাহিনী
ৰুটি এটা ৰাজনৈতিক মস্কৰা
বেলিৰ অবিহনে পৃথিৱী অন্ধকাৰ
যাৰ বাবে ৰুটিয়েই পৃথিৱী
ৰুটিয়েই পোহৰ দিয়া বেলি
ৰুটি এটি নিষিদ্ধ শ্লোগান
ৰুটি এটি ৰুচিহীন কবিতা
দুখন ৰুটি পাঁচ ভায়ে ভগাই খোৱা আব্দুল কালামৰ কাহিনী এটা আছিল
সেই কাহিনীটো ৰুচিহীন নহয়
কিন্তু এই কাহিনীয়ে ৰুটিৰ মৰ্যাদা হানি কৰে
আৰু কালামৰো
ৰুটি কোনো সুস্বাদু অথবা দামী খাদ্য নহয়
ৰুটিক লৈ চলি থকা কাহিনীবোৰ
ৰুটিক লৈ চলি থকা ৰাজনীতিবোৰ
ৰুটিতকৈও স্বাদহীন
ডেই যোৱা
গোলাকাৰ এখন ৰুটিয়েই যিসকলৰ পৃথিৱী আৰু পৰিধি
গোলাকাৰ ৰুটিখনক কেন্দ্ৰ কৰিয়েই যিসকলৰ পৰিভ্ৰমণ
ৰুটিয়েই যাৰ জীৱনবৃত্ত
তেওঁলোকে ৰুটি এডোখৰত মাৰিব খোজা কামুৰটো
তোমালোকে তেওঁলোকৰ গলধনত মাৰিছা
নৰভোজী, তোমালোকৰ বাবেই
ভোকৰ ৰুটিডোখৰ ট্ৰেইন ট্ৰেকত পৰি ৰোৱা সংবাদ শীৰ্ষক ফটোগ্ৰাফ
1 Comments
মন-মগজু চুই গ'ল
ReplyDelete