ভাষা / কোকিল শইকীয়া

 ভাষা

বোবা মানুহবোৰৰো ভাষা থাকে। ভাষা থাকে জুইৰ নদীৰ মাটিৰ
ভাষা থাকে গছবোৰৰ মৰা মানুহবোৰৰ
কিমান হাজাৰ দিন ৰাতি বছৰ পাৰ হৈ গৈছিল
বোবা মানুহে কলকলাবলৈ শিকোঁতে
কিমান হাজাৰ দিন ৰাতি বছৰ পাৰ হৈ গৈছিল
মানুহৰ কলকলনিৰ পৰা এটা ভাষা হ'বলে
কেৱল কথা ক'বৰ বাবেই সৃষ্টি হৈছিল নেকি ভাষাৰ
ভাষা নথকা সভ্যতাত মানুহে পাতিছিল নে কথা
কিদৰে কৈছিল প্ৰেমিকে ভালপাওঁ বুলি
গছৰ আঁৰেৰে সুহুৰিয়াই নে অৰণ্যৰ ফুল চিঙি আনি
কেৱল ভালপাওঁ বুলি ক'বৰ বাবেই মানুহে ভাষাৰ বাবে কৰিছিল নেকি দীঘলীয়া সংগ্ৰাম দীঘলীয়া অপেক্ষা
নে অস্বীকাৰৰ বাবে বিচাৰি ফুৰিছিল এটা সহজ সমিধান
কোনে কি ভাষাত প্ৰথমতে প্ৰেম নিবেদন কৰিছিল ভালপাওঁ বুলি
ভাষা নথকাৰ দিনতো ভাষা এটা আছিল
ভাষা সকলোৰে থাকে সদায়ে থাকে
তাঁতৰ সোঁতৰ ভোকৰ সপোনৰ
ওঁঠৰ সূৰ্যৰ গণিতৰ আনকি ভাষাৰো ভাষা থাকে
কেৱল ভাষা নাথাকে বেদনাৰ...



Post a Comment

1 Comments