নীলমণি

 নীলমণি


মোৰ নাভিমণ্ডলৰ এডোখৰ শিপা

তুমি এবাৰ চালা

এবাৰ ক'ল‍া..... ৰৈ ৰঙা দুপৰৰ কথা

যি আছিল সাতোখন ঘৰৰ ভাতঘৰ


উৰন্ত ফুৰন্ত কিছুমান ছবি 

কিছুমান স্মৃতি

গৃহাভিমুখী কবিৰ খিৰিকীৰে 

পাৰ হৈ যোৱা 


সেয়েটো আছিল কথা

অ' সুগন্ধি, 

তুমি মোৰ সকলো কবিতা হৰণ কৰি লৈ গ'লা

সকলো অলংকাৰ বৰণ কৰি থৈ দিলা


মাত্ৰ

এটি মাত্ৰ সপোনতে

তোমাৰ নাভী মণ্ডলৰ পৰা

এগালমান নক্ষত্ৰ


ৰঙাগড়া, কেনেবাকৈ তুমি দেখিছিলানে অলপ এন্ধাৰ আৰু অলপ পোহৰ

চৰাই চিটিকা পতা



Post a Comment

0 Comments