নিৰ্ঘাত

নিৰ্ঘাত


ৰ'দ ৰাঙলী হ'ল তুমি হ'লা নে নাই?

নৈ গাভৰু হ'ল তুমি হ'লা নে নাই?


প্ৰেমৰ এই কোটি কোটি বছৰীয়া ইতিহাসত বেছিভাগেই স্মৃতি

তাতোকৈও বেছিভাগ বিচ্ছেদ

তাতোকৈয়ো বেছিভাগ ভয় আৰু প্ৰাৰ্থনা

নিৰলম্বন আগ্ৰাসন জেউতি


প্ৰেমৰ সকলো কথাই আচলতে বিশ্বাস। মাথোঁ বিশ্বাস। আমোঘ বিশ্বাস। পৰম বিশ্বাস । ৰ'দে বৰষুণক কৰা বিশ্বাস। জুয়ে পানীক কৰা বিশ্বাস। সাধু কথাৰ দৰে বিশ্বাস। গছে পাতক কৰা বিশ্বাস। 


এই এনেকুৱা এটা বিশ্বাসতে এটা প্ৰশ্ন থাকি যায়

কেলৈ বিচাৰিছিলা তুমি ইমানবোৰ এন্ধাৰ

আনি দিব নোৱাৰো মই জোনৰ ছাঁ 


এতিয়ে ঘৰে ঘৰে জোন

ছাঁও ঘৰে ঘৰে

কাকনো বিচৰা নাই ... 


না জোন দিয়ে না ছাঁ 

কেৱল মাথো কয় 

নৈ গাভৰু হ'ল

তৰা ফুটি তৰালি হ'ল

ৰ'দ ফুটি ৰ'দালি


তুমি এতিয়া মোক কি বুলি নিচুকাবা হে বিষন্নতা

মৰিবলৈ মোৰ এতিয়াও যথেষ্ট সময় আছে




Post a Comment

0 Comments