- কোকিল শইকীয়া
তুমি মোক দেখি আছা
আৰু মই একো দেখা নাই
এতিয়া যেন সকলো শেষ হৈ যাব
এটা গধূলিত উদ্যমী হৈ উঠে এটা জিঘাংসাৰ ষাড়
এটা প্ৰেমৰ কবিতাৰ মূৰ্ত হৈ উঠে তন্দ্ৰা তমসাৰ
সকলো ঠিকেই থাকে সময় অনুযায়ী
ৰ'দ দুপৰ হ'লে ভোক লাগে পিয়াহ লাগে
পথাৰ সলাই লৰাও নিজকে নিজক পানী
খাওঁ
ছাঁত বান্ধো কলিজা
গধূলি হেৰাও কোনোবা বাঁহনীত
তৰাফুটা জিলিৰ মাজত শুই থাকোঁ কাৰোবাৰ মৰিশালীত
অধিকাৰ কৰোঁ আনৰ নিমন্ত্ৰণ
এখন এখনকৈ সকলো চহৰে যেতিয়া প্ৰাণ সলাই
তেতিয়া অধিবক্তা হওঁ সকলো গাঁৱৰ
পুৰণি পথেদি আবেলি এটাক এছাৰিৰে কোবাই দুচিৰা কৰোঁ
অলেখ হাহাকাৰে হাঁহি থাকে নিৰন্তৰ
তিনিমুনি বেলিত এটা অচিনাকী গৰখীয়া ওলাইহি
এজনী অচনাকী ছোৱালী
এটা জোনাকী পৰুৱা
সকলো বাট হেৰুৱাই পেলাওঁ
বাটেই মোৰ বদনাম কৰে
হেনো মই বাটক বাট নিদিওঁ
বাটে মোক বাট নিদিয়ে
উন্মাদ এটা ফল নিৰ্বাচন কৰোঁ
আৰু গ্ৰহণ কৰোঁ সকলো নিৰ্বিকাৰ সান্নিধ্যক
মুঠৰ ওপৰত জানি বা নাজানি
পাই বা হেৰুৱাই অহৰহ জীৱন এটা পাৰ কৰোঁ
0 Comments