গোপনীয়তা

 গোপনীয়তা

কোকিল শইকীয়া

আমি যে ভাল পাওঁ ইজনে সিজনক অতি গোপনে
আমি যে লগ পাওঁ ইজনে সিজনক অতি গোপনে
তাৰমানে কিছুমান বস্তু আন্ধাৰতেই সম্ভৱ। কোনেও নজনাকৈ।
আমি ইমানেই গোপনভাবে লগ কৰিবলৈ ল'লো যে
আমাক কোনেও নেদেখিলে
আনকি ময়ো নেদেখিলোঁ তোমাক
তুমিও মোক নেদেখিলা। কেৱে নাজানিলে আমাৰ কথা।
নেদেখাকৈয়ে আমি ভালপালোঁ ইজনে সিজনক
চুমা খালোঁ কথা পাতিলোঁ
আনকি তুমিও নাজানিলা মই কোন, ক'ৰপৰা আহো, ক'লৈ যাব খোজো
ময়ো নাজানিলো তোমাৰ গোনীয়তাৰ এই ছয়াময়া কথা


Post a Comment

0 Comments