মদৰ দাম বৃদ্ধি আৰু এচামৰ ফূৰ্তি/ কোকিল শইকীয়া

বহুতেই ভাবিছে, এক প্ৰকাৰৰ ৰস পাইছে। পা মদাহী, চুটুকাটো পা এতিয়া। কৈছে যে মদৰ দাম আৰু বৃদ্ধি কৰিব লাগিছিল। মদৰ দাম বৃদ্ধি পালে মদাহীৰ সংখ্যা কমিব। মদাহীৰ সংখ্যা কমিলে সমাজৰ এটা ডাঙৰ সমস্যাৰ সমাধান হ’ব। মাৰ-পিট, চুৰি ডকাইটি, দুৰ্ঘটনা, গাৰ্হস্থ্য হিংসা কমিব। আচলতে তেওঁলোকে বুজিয়েই পোৱা নাই যে ২০-৩০ টকা, ৫০–১০০ টকা দাম বাঢ়িলে মদাহীৰ সংখ্যা নকমে। মদ খোৱা জনে খাবই। আগতে দিনটো ৫০০ টকা উপাৰ্জন কৰি ১০০ টকাৰ মদ খাইছিল, এতিয়া ২০০ টকাৰ খাব। কিন্তু মানুহজনৰ উপাৰ্জন একেই থাকিব। একেই থাকিব তেখেতৰ হাড় ভঙা শ্ৰম আৰু দুখ-হতাশা-গ্লানি, অভাৱ ইত্যাদি। বৰঞ্চ বৃদ্ধিহে পাব দাৰিদ্ৰতা আৰু সমস্যা।

আচলতে ধনীক শ্ৰেণীটো কথা নাজানো, কিন্তু আমাৰ ইয়াৰ দৰিদ্ৰ, নিম্ন মধ্যবিত্তীয়, মধ্যবিত্তীয় শ্ৰেণীৰ অধিকাংশ মানুহেই মদ খাই অতিপাত পৰিশ্ৰম আৰু হা-হতাশাৰ কবলত পৰি। আৰু সত্যটো হ’ল- মদ খাই এক গৰিষ্ঠ সংখ্যক মানুহে ঘৰত জীয়েক-পুতেক-মাক-বাপেক-ঘৈণীয়েকক অত্যাচাৰ কৰে, নিচাত গালি-গালাজ এইবোৰ নৈমত্তিক ঘটনা। চাবলৈ গ’লে স্বাভাৱিকতেই এজন হতাশাগ্ৰস্ততা,নিপীড়িত, উপায়হীন, দাৰিদ্ৰতা ক্ষোভ আৰু জীৱন সংগ্ৰামে কোঙা কৰি পেলোৱা মানুহে দুই পেগ খাই ৰোমান্টিক হৈ নুঠেবা সুস্থ আমোদ-প্ৰমোদৰ কথা নিচিন্তে। ন্যাৰ্যীকৰণ কৰিব নোৱাৰিলেও এই কথা মানি ল’ব লাগিব যে নিচা হোৱাৰ পিছত তেওঁৰ স্বৰূপটো বেলেগ (সৰল ভাষাত অভদ্ৰ) হৈ পৰে। অৱশ্যেই মদৰ নিচাই তেওঁলোকৰ জীৱনৰ সমস্যা আঁতৰ কৰিব নোৱাৰে বা মদ এৰি দিলেও এই সকল নিস্পেষিত আৰু কুটিল ৰাজনীতি আৰু সমাজ ব্যৱস্থাৰ বলি হোৱা লোকে সমস্যাৰ পৰা মুক্তি লাভ নকৰে।

বাহিৰৰ উন্নত দেশবোৰত, বিশেষকৈ সুখী দেশবোৰত মতা-মাইকীয়ে ঘৰত একেলগে মদ্যপান কৰে। ই অতি সাধাৰণ কথা। তাত কিন্তু গাৰ্হস্থ্য হিংসা আমাৰ দৰে নহয়। মদৰ নিচাত তেওঁলোকৰ চেতনাই হতাশা আৰু অভাৱী জগতখনত পৰিভ্ৰমণ নকৰে। যাৰ বাবে তেওঁলোকে মদ খাই আমোদ-প্ৰোমোদ উপভোগ কৰে। অৱশ্যে আমাৰ ইয়াত মদ খোৱা নোখোৱা গৌণ, পুৰুষ তান্ত্ৰিক ব্যৱস্থাটোৱেই মূলত গাৰ্হস্থ্য হিংসাৰ কাৰণ। আৰু পুৰুষতান্ত্ৰিকতাও এটা সমাজ-আৰ্থ-ৰাজনৈতিক সমস্যা।

আমি বুজি পাব লগা কথাটো হ’ল - চৰকাৰে বিচাৰে মানুহে মদ খাওঁক। নিৰ্বাচন খেলিবলৈ, নিজৰ ক্ষমতা বৃদ্ধি কৰিবলৈ, ধনৰ লোভত শাসকে পুঁজিপতিৰ ওচৰত বলি হিচাপে দেশৰ জনতাক আগবঢ়াই দিছে। এফালে জনতাক শুহি শুহি খাইছে আৰু আনফালে সেই অভাৱগ্ৰস্ত আৰু হতাশাৰগ্ৰস্ত জনতাৰ পৰা মদৰ নামত কৰ সংগ্ৰহ কৰিব বিচাৰিছে। গতিকে, মদ সকলোতে সুলভভাবে মেলি দিছে। ৰাস্তাত মূতিব লাগিলে যদি তিনি মাইল যাব লাগে তেনেহ’লে পিয়াহ লাগিলে মদ খাবলৈ তিনিহাত গ’লেই হ’ল। 

মুঠৰ ওপৰত, মদৰ দাম বৃদ্ধিয়ে মদাহীৰ সংখ্যা বা মদৰ বাবে হোৱা অপৰাধ বা সমস্যা হ্ৰাস নকৰে। দেশৰ জনসাধাৰণৰ জীৱন ধাৰণৰ উন্নত মান, স্বাস্থ্য-শিক্ষা-খাদ্য আদিৰ সুলভতা, নিবনুৱা সমস্যাৰ সমাধান, সু-শাসন, সজাগতা, মূল্যবৃদ্ধি নিয়ন্ত্ৰণ আদিয়েহে এই সমস্যা হ্ৰাস কৰিব।





Post a Comment

0 Comments