তাই
কোকিল শইকীয়া
তাই দুঘন্টা গা ধোৱে
চুলি শুকুৱাই এঘন্টা
এঘন্টা কাজল লগাই
এঘন্টা লিপিষ্টিক
এঘন্টা নখপালিচ
আধাঘন্টা আইনাত নিজকে চায়
চাৰি ঘন্টা ভাত ৰান্ধে
তাই সপোন দেখে উপন্যাসৰ দৰে দীঘলীয়া
তাই নিজৰ সপোনবোৰ পাগুলে ওৰে নিশা ওৰে দিন
অকলশৰে কোঠাত খিৰিকীক ফ্ৰেম কৰি
তাই বাটলৈ চাই এবেলা
প্ৰেম প্ৰস্তাৱ গ্ৰহণ কৰিবলৈ তাইক সময় লাগে
তিনি চাৰি পাঁচ বছৰ
তাই ভাল পাব খোজে
আৰু প্ৰেমিকৰ সৈতে কটাব বিচাৰে সাতটা জনম
তাই জীয়াই থাকে মাত্ৰ এক মিনিট
আৰু মৰে আধা জীৱন


4 Comments
আপোনাৰ কবিতা পঢ়ি বহুত ভাল লাগে।
ReplyDeleteThank you
Deleteআপোনাৰ কবিতা ভাল লাগে
ReplyDeleteThank You
Delete