পইদ্দ
হঠাতে কালি নিশা দুই মান বজাত মন গ'ল এখন এৰোপ্লেন চলাবলৈ
লাগ বুলিলেই অভাৱত যি বন্ধুৰ পৰা টকা লওঁ
ব'ল বুলিলেই যি বন্ধু প্ৰেয়সীৰে সৈতে থকা পৰিকল্পনা এৰি দৌৰ মাৰি আহে
নিচাত বাট চিনি নোপোৱা হ'লে যি বন্ধুৱে পদূলিত থৈ যায়হি
অথবা খবৰ লয় ঘৰ পালিগেনে বুলি
মোক কোনোবাই ধমকি দিলে যি বন্ধু সাজু হৈ উঠে হিটলাৰৰ দৰে
যি বন্ধুৰ অবিহনে কোনো আনন্দ নাথাকিলেহেতেন মোৰ বিচ্ছেদৰ দুখৰ স্মৃতিবোৰত
সেই সকলো বন্ধুকে ফোন কৰিলোঁ
কোনেও মোক এখন এৰোপ্লেন আনি দিব নোৱাৰিলে এপাক চলাই চাবলৈ
দ্বিতীয়টো পেগ:
ৰঙৰ আন এটা নাম ৰঙা নেকি যে ৰঙা বাবেই তাৰ নাম ৰঙালাও
তোমাৰ তলত থিয়হি থাকিব নোৱাৰি বাবেই নেকি তুমি আঁঠুৱা। তোমাৰ তলত আঁঠু কাঢ়ি থাকোঁ বাবে আমাৰ হে নাম হ'ব লাগিছিল আঁঠুৱা
অথচ আমি আঁঠুৱা নহয়। তুমিহে আঁঠুৱা।
বিশেষত্ব এয়ে যে আঁঠুৱাৰ তলত আঁঠু কাঢ়িলে গুহ্যদ্বাৰত মহ সোমাব নোৱাৰে
যদিহে গুহ্যদ্বাৰৰ দৰে আঁঠুৱাতো নাথাকে ফুটা
অৱশ্যেই আঁঠু কঢ়া মানে মেলি দিয়া এখন গুহ্যদ্বাৰ - প্ৰত্যক্ষ বা পৰোক্ষ ধৰ্ষণ
মোক এখন এৰোপ্লেন লাগে
তৃতীয় পেগ:
কৰোনা নামৰ বেমাৰটো গুচি যোৱাৰ পৰাই অসম্ভৱ শূন্যতা (১)
চুতুৰ্থ পেগ :
পঞ্চম পেগ :
ভবাতকৈ বেছি কৰিব লাগে নে বেছিকৈ ভাবি কৰিব লাগে
কাম বেছি কৰিব লাগে নে কথা বেছি ক'ব লাগে
ষষ্ঠ পেগ:
মই বাৰু কি কৰি আছোঁ
পেগৰ নম্বৰ মনত নাই :
এৰোপ্লেন উৰে নে
উৰিবলৈ দুখন পাখি লাগে
মনৰ পাখি বনৰ পাখি
বাউসীত জোৰ লাগে চোঁ মাৰি চাঁতকৈ যাব পৰা (২)
এৰোপ্লনৰ পাখি নাই
আকাশেদি যোৱাটোৱেই উৰা নহয়। সেইটো হ'ল যোৱা। মোৰো যায় কেতিয়াবা স্বাধীন বতাহ। গুহ্যদ্বাৰেদি। খুবেই মুক্তভাবে। যি কোনোপধ্যেই আপোচ নকৰে মোৰ পেটৰ লগত। যাক কোনো পধ্যেই কাবু কৰিব নোৱাৰো মোৰ শুচিবায়ুগ্ৰস্ত আদৰ্শৰ বাক্যবাণ কিম্বা বলেৰে। যি কেৱল চিন্তা কৰে পেটৰ কথা।
যোৱাৰাতি বীৰ্যলগা কাকতখনেৰে আজি এখন এৰোপ্লেন সাজিলোঁ।
আৰু(৩)উৰাই নিদিলোঁ
টোকা:
(১) কৃতজ্ঞতা জীৱন নৰহ
(২) কৃতজ্ঞতা সৌৰভ শইকীয়া
(৩) ব্যাকৰণৰ মতে বাক্যৰ প্ৰথমতে 'আৰু' ব্যৱহাৰ নহয়। এতেকে,ভাষা ব্যাকৰণগত হয়। ব্যাকৰণহে ভাষাগত। ভাষা আচৰণ আৰু প্ৰকৃতিগত।
ইতি সমাপ্ত


1 Comments
সাংঘাটিক দাদা, তৃতীয় পেগটো সাংঘাটিক
ReplyDelete