ব্লগ সাহিত্যৰ প্ৰয়োজনীয়তা আৰু অসমীয়া ডিজিটেল সাহিত্যৰ ভৱিষ্যত
: কোকিল শইকীয়া
বিজ্ঞান আৰু প্ৰযুক্তিৰ
উন্নয়নৰ লগে লগে শিল্প-সাহিত্যলৈও নতুন নতুন দিশৰ সংযোজন ঘটে। প্ৰযুক্তিৰ বিকাশৰ লগে
লগে শিল্প-কলাৰ পৰিৱেশন, সংৰক্ষণ আৰু প্ৰচাৰ মাধ্যম সলনি হৈ গৈ থাকে। প্ৰযুক্তিৰ উচিত
ব্যৱহাৰে শিল্প-কলাক সদায় ন ৰূপ প্ৰদানেৰে সমৃদ্ধ কৰি আহিছে। তাহানিতে সংগীত আছিল ৰজা-মহাৰজা,
ডা-ডাঙৰীয়াসকলৰ আমোদ-প্ৰমোদৰ বিলাসী বস্তু। ৰাজসভাত খ্যাত-প্ৰখ্যাত কলাকাৰে সংগীত পৰিৱেশন
কৰিছিল। আৰু চহা লোকসকলৰ বাবে সংগীত আছিল কৰ্মস্থলীত বা আজৰি সময়ত আনন্দ ফূৰ্তি আৰু
জীৱন গাঁথাৰ প্ৰকাশৰ বস্তু; এক মৌখিক সাহিত্য। লাহে লাহে মাইক্ৰ’ফোন, গ্ৰামফোন, ৰেকৰ্ডিঙৰ আহিলা,
হেড ফ’ন, চিনেমা শিল্প, ন ন বাদ্য যন্ত্ৰ আদিৰ
আৱিষ্কাৰৰ লগে লগে সংগীতৰ ক্ষেত্ৰখনলৈ নতুন নতুন দিশৰ সূচনা হ’ল। আগতে গান শুনাৰ অৰ্থ
আছিল গায়কৰ সমুখত বহি শুনা। আজিকালি গান শুনিবলৈ আপোনাক সমুখত এজন গায়ক নালাগে। আজিকালি
গান শুনাৰ অৰ্থ হৈ পৰিল গানৰ ৰেকৰ্ডিং শুনা। আজিকালি খবৰৰ বাবে মানুহে পুৱা পদূলিত
হকাৰৰ বাবে অপেক্ষা নকৰে অথবা পুৱা-গধূলিৰ ৰেডিঅ’-টিভিৰ বাতৰি সম্প্ৰচাৰৰ বাবে ৰৈ নাথাকে।
আজিকালি হাতে হাতে থকা মোবাইল ফোনতেই মিনিটৰ খবৰ মিনিটতে পোৱা যায়। বাতৰি কাকতৰ স্থান
ল’বলৈ আৰম্ভ কৰিলে ৱেব পৰ্টেলবোৰ বা টিভিয়ে। আজিকালি যাত্ৰা কৰিবলৈ আগৰ দৰে টিকেট নামৰ
কাগজৰ টুকুৰা এটাৰ বাবে লাইনত থিয় হ’ব নালাগে। অনলাইনতে টিকেট কাটিব পাৰি। মোবাইলৰ
স্ক্ৰীণতেই থাকে টিকেট। কাগজৰ বিকল্প স্ক্ৰীণ। কলমৰ বিকল্প কীবোৰ্ড। সুবিধাজনক। বহীৰ
পাতো শেষ নহয়। কলমৰ চিঞাহীও শেষ নহয়। এবাকচ কিতাপ মাত্ৰ সৰু মবাইলটোতে লৈ ফুৰিব পাৰি।
এইদৰেই বিজ্ঞান প্ৰযুক্তিৰ বিকাশে ভাষা-সাহিত্যৰ
ক্ষেত্ৰখনলৈও সময়ে সময়ে লৈ আহিছে নতুন নতুন সুবিধা আৰু সম্ভাৱনা। ভাষা-সাহিত্য মাটি
বা তামৰ লিপিৰ পৰা সাঁচিপাতলৈ আহিছিল, সাঁচিপাতৰ পৰা কাগজলৈ, তাৰ পৰা ছপা গ্ৰন্থলৈ।
এতিয়া ছপা মাধ্যমকো চেৰাই যাব খুজিছে ইন্টাৰনেটে। এই সুযোগ বিশ্বৰ সাহিত্যিক আৰু পাঠক
সকলে গ্ৰহণ কৰিছে। অসমীয়া লেখকসকলেও ইণ্টাৰনেটত,
বিশেষকৈ ফেচবুক আৰু হোৱাটছএপ গ্ৰুপত সাহিত্য বা অন্যান্য বিষয়ক লেখা মেলা কৰিছে। ফেচবুকত
অসমীয়া লিপিৰ ব্যাপক ব্যৱহাৰে অসমীয়া ভাষালৈও এক নতুন সমৃদ্ধি কঢ়িয়াই আনিছে। অসমীয়া
লিপিতে মানুহে দিনটোত দুই চাৰিজনলৈ বাৰ্তা প্ৰেৰণ কৰিছে, টাইম লাইনত একঠা মনৰ কথা লিখিছে।
কিন্তু ইণ্টাৰনেটত চিৰিয়াছলি
লেখা-মেলা কৰিবলৈ ফেচবুকতকৈও অধিক সুবিধাজনক আৰু উত্তম মাধ্যমটো হ’ল ‘ব্লগ(blog)’।
এজন লেখকে ফেচবুকত নিজৰ টাইমলাইনত এবছৰত বিভিন্ন ধৰণৰ লেখা, ফটো, ভিডিঅ’ আপলোড বা শ্বেয়াৰ
কৰে। তাৰ মাজতে থাকে তেখেতে চিৰিয়াছলি লেখা বিভিন্ন গুৰুত্বপূৰ্ণ লেখা। যিবোৰ লেখা
একেলগে তেখেতৰ টাইমলাইনত বিচাৰিবলৈ গ’লে যথেষ্ট সময় আৰু ধৈৰ্য্যৰ প্ৰয়োজন হয়। লাগ বুলিলেই
বিচাৰি পোৱা নাযায়। আনহাতে এজন লেখকৰ লেখাসমূহ ফেচবুকত তেওঁৰ ফ্ৰেণ্ডলিষ্টত থকা মানুহখিনিৰ
মাজতেই প্ৰায় সীমাবদ্ধ হৈ থকা দেখা যায়। বিভিন্ন কাৰিকৰী কাৰণত তেখেতৰ ফেচবুকৰ বন্ধুৰ
তালিকাত নথকা অইন পাঠকে পঢ়িবলৈ নাপায়। তদুপৰি ফেচবুকত বন্ধুত্বৰ তালিকাখনৰ সীমাৰেখা
মাত্ৰ পাঁচ হেজাৰ। তাৰ বিপৰীতে কিন্তু ব্লগ এটাত যথেষ্ট সুবিধা থাকে। ব্লগত লেখাসমূহ
নিজৰ মতে লে’ আউট কৰিব পাৰি, আখৰ চাইজ বঢ়াই কমাই ল’ব পাৰি, ৰঙীণ কৰিব পাৰি, নিজে বিচৰা
ধৰণেৰে লেখাসমূহৰ লগৰ ফটো, ভিডিঅ’, পিডিএফ, লিংক, পৰিসংখ্যা, তালিকা ইত্যাদি সংযোগ
কৰিব পাৰি। ই এটা স্বতন্ত্ৰ মাধ্যম। লগতে ব্লগ এটা গুগুলত বিচাৰিলে সকলোৱেই বিচাৰি
পাব পাৰে। এটা ব্লগত আপুনি ই বুক আপলোড কৰিব পাৰে। ব্লগ এটাক আপুনি ইচ্ছা অনুযায়ী এটা
Domain ব্যৱহাৰ কৰি প্ৰফ্ৰেচনেল ৱেবচাইটলৈ ৰূপান্তৰিত কৰি তাক Monitized কৰিবও পাৰে। প্ৰয়োজনত বিতৰণ আৰু বিজ্ঞাপন বাবেও ব্যৱহাৰ কৰিব
পাৰে। আপুনি লিখা ব্লগটো ইন্টাৰনেট থকালৈকে থাকি যাব। সেয়ে, আপোনাৰ লেখাসমূহ ব্লগত
নিৰাপদে সংৰক্ষিত হৈ থাকিব। গতিকে চিৰিয়াছলি লেখা মেলা কৰিব খোজা সকলৰ বাবে ব্লগেই
হৈছে আটাইতকৈ সুবিধাজনক আৰু মানবিশিষ্ট স্বাধীন অনলাইন মঞ্চ।
আনহাতে ভৱিষ্যত পৃথিৱীৰ
সাহিত্য সম্পূৰ্ণৰূপে ডিজিটেল হোৱাৰ পথত। আৰু কিছু বছৰৰ পিছতেই ছপা সাহিত্যক চেৰ পেলাই
ব্লগ সাহিত্যই স্থান দখল কৰিব। পুথিভঁৰালবোৰো ডিজিটেল হ’বলৈ আৰম্ভ কৰিছে। আজিৰ তাৰিখত
এটা ভাষা ইণ্টাৰনেটত কিমান পোৱা গৈছে সেই কথাটোৰ ওপৰতে নিৰ্ভৰ কৰিব ভাষাটোৰ ডিজিটেল
ভৱিষ্যত। আমাৰ ভাষাটোৰ ডিজিটেল উপলব্ধতাৰ ওপৰতে আমাৰ সাহিত্যৰ ভৱিষ্যত নিৰ্ভৰ কৰিব।
এই সময়ৰ পৰাই ইন্টাৰনেটত আমাৰ ভাষাটো শক্তিশালী আৰু বিস্তাৰিত ৰূপত উপলব্ধ নহ’লে ভৱিষ্যতে
ডিজিটেল সাহিত্যৰ ক্ষেত্ৰখনত আমি পিছ পৰি ৰ’ম। আমাক গ্ৰাস কৰি পেলাব অন্য কিছুমান ভাষিক-ৰাজনৈতিক
শক্তিয়ে। কাৰণ ডিজিটেল মাধ্যমটোও এক প্ৰকাৰৰ অস্ত্ৰ। কাৰণ, আজিকালি শাসন-শোষণ, বেহা-বেপাৰ,
ৰাজনীতি আদিও ডিজিটেল হ’বলৈ ধৰিছে। অসমৰ ইতিহাসৰ এচোৱা সময় বঙলা ভাষা চৰকাৰী ভাষা ৰূপে
প্ৰতিষ্ঠিত হৈ থকাৰ কথাটো আমি পাহৰি গ’লে নহ’ব। আমি আজি সজাগ নহ’লে, কিছুমান কথা বুজি
নাপালে আমাৰ ভাষাক উদ্ধাৰ কৰিবলৈ আকৌ এজন নাথান ব্ৰাউন নাপাওঁ।
১৯৯৭ চনৰ পৰাই ব্লগ বস্তুটোৰ
সম্প্ৰসাৰণ ঘটিছে। বিগত দহ বছৰ মানৰ ভিতৰত বিশ্বৰ লেখক সকলে ব্যাপক হাৰত ব্লগ ব্যৱহাৰ
কৰিছে। পাঠকসকল ব্লগৰ জৰিয়তে লেখক আৰু লেখাৰ লগত সংযুক্ত হৈছে। ভাৰততো বাংলা, হিন্দী,
মালায়ালম, কানাড়া, হিন্দী, বঙালী আদি বিভিন্ন ভাষাৰ জনপ্ৰিয় তথা জ্যেষ্ঠ সাহিত্যিক
সকলে ব্লগ ব্যৱহাৰ কৰিছে। ব্লগৰ দ্বাৰা তেওঁলোকে বৃ্হৎ সংখ্যক পাঠক লাভ কৰিছে। কিন্তু
বেজাৰৰ কথাটো হ’ল যে অসমীয়া ভাল ভাল, চিৰিয়াছ লেখকসকলে এই ব্লগৰ জৰিয়তে সাহিত্য চৰ্চাৰ
মাধ্যমটো আজিকোপতি আদৰি লোৱা আমাৰ চকুত পৰা নাই। মাত্ৰ দুই এজন ব্যক্তিয়ে নিয়মীয়া-অনিয়মীয়াকৈ
ব্লগৰ মাধ্যমেৰে সাহিত্য চৰ্চা কৰি আছে। তাৰ ভিতৰত ৰত্না ভৰালী তালুকদাৰ, সমুদ্ৰ কাজল
শইকীয়া, হিমজ্যোতি তালুকদাৰ, জুৰি বৰুৱা, ভাস্কৰ
ঠাকুৰীয়া, প্ৰশান্ত কুমাৰ দাস, নিকু দুৱৰা, জিতেন বেজবৰুৱা, অংশুমান শৰ্মা, ইঞ্জিনীয়াৰ বিশ্বজিৎ আদি। চচিয়েল মিডিয়া বা ডিজিটেল মাধ্যমত সাহিত্য
চৰ্চা কৰাৰ ক্ষেত্ৰত বা যিকোনো সমাজ-ৰাজনৈতিক পৰিৱেশত চচিয়েল মিডিয়াত মুকলিকৈ এটা মত
প্ৰদান কৰাৰ প্ৰতি আমাৰ সাহিত্যিক সকলৰ কিহৰ বাবে ইমান অনিহা তাৰ বহুবোৰ ৰসাল তথা দুৰ্ভাগ্যজনক
কাৰণ আছে। যিবোৰ ইয়াত আলোচনা নকৰোঁ। কিন্তু এটা কথা ঠিক যে মোবাইল বা কম্পিউটাৰৰ কাৰিকৰী
জ্ঞানৰ অভাৱ আৰু এই যন্ত্ৰবোৰৰ লগত ফেমিলিয়াৰ নোহোৱাটোও অসমীয়াত সাহিত্যিকৰ ব্লগ সৃষ্টি
নোহোৱাটো এটা মুখ্য কাৰণ হ’ব পাৰে। কিন্তু ব্লগ এটা বনাই তাত লেখা মেলা কৰাটো হাতীটোৰ
সমান কথা নহয়। আজিাকালি সৰু সৰু ল’ৰা ছোৱালীয়েই এইবোৰ কৰিব পাৰে। ব্লগ কেনেকৈ তৈয়াৰ
কৰে আৰু কেনেকৈ ব্লগ লিখিব লাগে সেই বিষয়েও ইন্টাৰনেটতে সন্ধান কৰিলে সহজতে পাব পাৰি।
আমাৰ লগত যোগাযোগ কৰিলেও অসমীয়া ভাষা-সাহিত্যৰ স্বাৰ্থত আমাৰ সীমিত জ্ঞানেৰে আপোনাৰ
ব্লগটো তৈয়াৰ কৰাত সহায় কৰি দিবলৈ আমি প্ৰস্তুত।
7 Comments
সুন্দৰ
ReplyDeleteধন্যবাদ
Deleteভাল লাগিল
ReplyDeleteশুভেচ্ছা নতুন ব্লগলৈ।
ধন্যবাদ
Deleteভাল লাগিল।
ReplyDeleteসুন্দৰ
ReplyDeleteধন্যবাদ
Delete