চিলিম

(প্ৰদ্যুম্ন কুমাৰ গগৈৰ হাতত)

ৰৈ থাকোতেই গৈ থকা যেন দেখি
দেখি থাকোতেই নেদেখা যেন দেখি
গৈ আছোঁ ৰৈ ৰৈ

পাৰ হৈ যাব নোখোজা এখন সাগৰ আৰু সৰু সৰু জাহাজ
ঢৌত উটি উটি আপেলৰ জেলি সনা সৰু সৰু পাউৰুটি বেলি
দুটি এটি প্ৰেমিক মাছ, জাক জাক
ভাবিবলৈ বা নাভাবিবলৈকে মত্ত হোৱা অম্লান চেতনা
পাৰ নাপাবলৈকে সাগৰ, বগা বগা চৰাইৰ পাখি , সুগন্ধি বীৰ্য, নিশিগন্ধা ফুলডাৱৰৰ ফৰকাল অৱতাৰ
ঠিক ধৰিব পাৰিলে এটা অধিবাস্তৱিক ঋতু

কৈলাশগত কথা, কৈলাশগত ভাৱনা

ধোঁৱাৰ মাজেদি এখন চিনেমা
ধোঁৱাৰ মাজেদি এজাক বাউল
ধোঁৱাৰ মাজেদি সৰিয়হৰ হালধীয়া
ধোঁৱাৰ মাজেদি গুৰি পৰুৱাৰ লানিৰ দৰে হেজাৰ হেজাৰ অনন্তমুখী ৰে’ল

এটা সৰু কোঠাৰ ভিতৰতে উপঙি উপঙি
ধোঁৱাৰ মাজেদি
অনন্ত কৌটি ব্ৰহ্মাণ্ড
আৰু
ভেদ কৰি যোৱা এটা কিৰিলি

তন্ময় মধুময় প্ৰাচীন সেই শিল্পকলা
গলি যায় মগজুত গোট মৰা বৰফ
বুকুত গোট মৰা শিল
শিল চুমি বৈ আহে নিৰ্মল নিজৰা

ধ্যান কাল বোধ আৰু নিদ্ৰা
একাকাৰ হোৱা অতীত বৰ্তমান ভৱিষ্যতৰ মাজেৰে এজাক পৰিভ্ৰমী মৌ-মাখি
সেই পবিত্ৰ সুখকুণ্ডৰ পৰা গুণগুণাই উৰি যায়

হে যাদুকৰী সুখকুণ্ড, জীৱন বীক্ষাৰ সমস্ত প্ৰশান্তিৰ ৰাগ আৰু বিৰাগ
তোমাৰ ভিতৰৰ পৰাই ওলাই আহে ...

Shiva, 3rd century CE. Found at Ahichchhatra, Bareilly, UP.